অসমৰ সংখ্যালঘু ৰাজনীতি, জনিয়া সমষ্টি আৰু আব্দুল খালেক

Kalgachia,Main Uddin: আহোমসকল অসমলৈ অহা প্ৰায় ২৫ বছৰ মান আগৰ (১২০৫) কথা যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু প্ৰথম ইছলাম গ্ৰহণ কৰা জন আন কোনো নাছিল তেঁও আছিল মেচ জনগোষ্ঠীৰ প্ৰধান “আলী মেচ”| এইয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি|সেই বছৰতেই বৰ্তমান তুৰ্কীৰ পৰা চীনদেশ আক্ৰমণ (১২০৬ চনৰ ২৭ মাৰ্চ কৰিব আহোতে কিছু তুৰ্কীৰ যোদ্ধা অসমৰ যোদ্ধাৰ লগত পৰাস্ত হৈ অসমতে থাকি যায় আৰু অসমকে নিজৰ বুলি সাবতি লয়|এনেকৈ হয়তো আৰম্ভ হ’ল অসমীয়া মুছলিম সমাজৰ| অসমৰ হিন্দু সমাজত যিদৰে আহোম, কোচ, কলিতা, বামুণ, বিহাৰী, বাঙালী, নাথ, বড়ো, ৰাভা আদি এশ এটা জাতিগত-ভাষাগত গোট বিদ্যমান, ঠিক তেনে ধৰণেৰে অসমৰ মুছলমান সমাজো বিভিন্ন জাতিগত (ethnic) আৰু ভাষাগত (Linguistic) গোটত বিভক্ত, যথা – গৰিয়া,মৰিয়া,দেশী বা উজেনি বা গোৱালপৰীয়া আদি !

অসমৰ মুছলমানৰ অধিকাংশই হৈছে পৃৰ্ববঙ্গীয় মূলৰ মুছলমান| পূৰ্ববঙ্গীয় মূলৰ মূছলমানৰ সংখ্যা বৰাক উপত্যকাত সৰ্বাধিক । বৰাক উপত্যকাৰ এটা বৃহৎ অঞ্চল পূৰ্বতে বংগদেশৰ অন্তৰ্ভূক্ত আছিল গতিকে ইয়াত থলুৱা সংস্কৃতিৰ প্ৰভাব কম দেখা যায় আৰু বংগীয় সংস্কৃতিৰ প্ৰভাব অধিক হোৱা দেখা যায়|আনহাতে পৃৰ্ববঙ্গীয় মূলৰ অধিকাংশ ই উনবিংশ (19th century) আৰু বিংশ শতিকা (20th century)ত অহা লোক|অসমত বাস কৰি অহা এই পৃৰ্ববঙ্গীয় মূলৰ মুছলমান লোকসকলৰ মাজত পূৰ্ববংগীয় ভাষা-সংস্কৃতি প্ৰচলন হৈ থকা দেখা যায় যদি ও এওলোক এতিয়া হাডে হিমজুয়ে অসমীয়া হৈ গৈছে (১০০+ বছৰ কম সময় নহয় )|


পূর্ববংগীয় মূলৰ অসমীয়া মূছলমান খিনিক ভিন ভিন সময়ত বিভিন্ন নামৰে নামকৰণ কৰা দেখা যায় কাৰণ এই মানুহ খিনিয়ে নিজৰ ভাষা সস্কৃতিৰ লগতে সকলো ত্যাগ কৰি – পাৰ ঘাটৰ ধোৱীৰ দৰে হৈছে , যত যেনেকৈ ইচ্ছা নিজা মতে এটা কৈ নতুন শব্দৰে নামকৰণ কৰে !যেনে – মিঞাঁ , মৈমেন্সন্ঘিয়া , ঢাকাইয়া , ভাটিয়া , চৰুৱা , ন অসমীয়া , লোহিত্য সম্প্রদায় ,বঙ্গাল , বাংলাদেশী, অভিবাসী মূছলমান , অবৈধ বিদেশী , দাড়িয়া জেহাদী, আৰু বহুতো !আটাইতকৈ ডাঙৰ কথা হল যে এই নাম বোৰ কোনো সৰু সুৰা ব্যক্তিয়ে দিয়া নহয় অসমীয়া সমাজৰ মুধাফুটা বুদ্ধিজীবি সকলে দিছে ! কিন্তু এইবোৰৰ এটা নামেও কিন্তু ৬৫ লক্ষ মানুহক প্রতিনিধিত্য নকৰে , যুগ যুগ ধৰি এই মানুহখিনিক বিভিন্ন নামেৰে মাতি উপলুঙ্গাহে কৰা হৈছে !|আশা কৰিছো অদূৰ ভবিষ্যতে পৃৰ্ববঙ্গীয় মূলৰ মুছলমানসকলৰ এটা সৰ্বজন স্বীকৃত সন্মানজনক নাম প্ৰচলন হব |

ধৰ্ম আৰু ৰাজনীতি একে পাত্ৰত ৰখা বস্তু নহয়।ইছলামে আমাক কি শিকায় ? প্ৰকৃত মুছলমান মানুহ এজন কেতিয়াও সন্ত্ৰাসবাদী হব নোৱাৰে আৰু কোনো সন্ত্ৰাসবাদীক সমৰ্থন কৰাটো নিশিকায়।ইছলাম মানেই শান্তি,আৰু ইছলাম ধৰ্মত স্পষ্টকৈ কোৱা হৈছে নিজৰ মাতৃ ভূমিক ভালপোৱাটো ঈমানৰ এটা অংগ।গতিকে যিজন মুছলমানৰ ভিতৰত ক্ষুদ্ৰ পৰিমানৰ ঈমান আছে সেইজন মুছলমানে কেতিয়াও মাতৃভূমিৰ বিৰুদ্ধে কোনো ধৰনৰ অসৎ চিন্তা ভাৱধাৰা মনত আনিব নোৱাৰে।কিন্তু সাম্প্ৰতিক সময়ত দেখা যায় ধৰ্ম আৰু ৰাজনীতি একেটা পাত্ৰত ৰাখি ৰাজনীতি কৰা হৈ আছে যিটো আমাৰ ইছলাম ধৰ্মৰ প্ৰতি ভাবুকি হৈ পৰিছে।

ৰাজনীতি জগতত সৰু সৰু কথাবোৰ কেতিয়াবা বৃহত আকাৰৰ ৰূপ লয়।গতিকে আমি নিজকে নিজে যদি বিতৰ্কৰ মাজলৈ ঠেলি দিও তেনেহলে বেলেগ ধৰ্মৰ মানুহেও আমাক লৈ ৰাজনীতিৰ সুযোগ লব। এটা পৰিয়ালৰ সব সদস্যই উচ্চ শিক্ষিত বা ন্যয় পৰানয়তা নহয়।দুই এজন ইফাল সিফাল হব পাৰে।সেইবুলি পৰিয়ালৰ সব সদস্যক একে দৃষ্টিৰে জোখাটো মই ভাৱো অযুক্তিকৰ।বহুত হিন্দু মানুহে ইছলাম ধৰ্ম গ্ৰহন কৰিছে আৰু বহুত মুছলমানেও হয়তো হিন্দু ধৰ্ম গ্ৰহন কৰিছে।সেইবুলি এইটো নহয় যে সব হিন্দুয়ে ইছলাম ধৰ্ম আৰু সব মুছলমানে হিন্দু ধৰ্ম গ্ৰহন কৰিছে।

“আল্লাহ তাৱালাই কোনো ব্যক্তি বা জাতিৰ পৰিৱৰ্তন নকৰে যেতিয়ালৈকে সেই ব্যক্তিজন বা জাতিটো নিজেই নিজকে পৰিৱৰ্তব নকৰে”(Quran)।

কোন পথত যাব সেইটো সেইজন ব্যক্তিৰ সিদ্ধান্ত,কিন্তু এজন পথভ্ৰষ্ট ব্যক্তিক সঠিক পথ দেখুওৱাই দিয়াটো আমাৰ মুছলমানৰ কৰ্তব্য।অৰ্থাত সৎ কামত আদেশ দিয়া আৰু অসৎ কামত বাধা দিয়া।আমাৰ ধৰ্মই আমাক দয়াশীল,ধৈৰ্যশীল আৰু মানৱতাসম্পন্ন ব্যক্তি হোৱাটো শিকায়।

ফখৰুদ্দিন আলি আহমেদৰ নাম নজনা অসমীয়া হয়তো এজন নোলাৱ (প্রথম আৰু একমাত্র অসমীয়া ৰাষ্ট্রপতি ), এইজন যুগ নির্মাতাই জনিয়া সমষ্টিক প্রতিনিধ্ত্ব কৰিছিল – ১৯৫৭-৬২ আৰু ১৯৬২-৬৭ চন লৈকে যিনে সমষ্টিৰ প্রতিটো চুকে কোণে নিজৰ সপোন বোৰ ৰুইচিল কিন্তু কালৰ সোতত বাস্তব কৰিব পৰা নাছিল ! ইতিহাসৰ পাত লুটিয়াই লুটিয়াই চফল ডেকা সাংবাদিক আ: খালেক চাহেবে ফখৰুদ্দিন আলি আহমেদৰ সপোন বোৰক বাস্তব কৰিবলৈ ৰাজনীতিত যোগ দিয়ে ! ভাগ্য সুপ্রসন্ন আছিল অতিকৈ পিছপৰা বৰতাৰী গাঁওৰ কৃষক পুত্র আব্দুল খালেকে ২০০৬ চনত জনিয়াৰ বিধায়ক নির্বাচিত হয় ! খালেক চাহাবে চৰকাৰী ৰঙা ফিটাত আবদ্ধ হৈ থকা কাম বোৰ নতুনকৈ আৰম্ব করে ! যাৰ ফলশ্রুতিত কলগাচিয়া পূর্ণ আৰক্ষী থানা ঘোষনা হয় যাতে মহকুমা হোৱাত কোনো প্রোটকল জাতীয় বাধা নাহে ! অভয়াপুৰী ভায়া হৈ বৰপেটা সংযোগী পথ নির্মান আৰম্ব হয় আৰু দুখন কৈ বৃহৎ পকী দলং নির্মান হয় ( মানাহ নদীত এখন আৰু বেকী নদীত এখন ) ! ৰাষ্টীয় ব্যাঙ্কৰ শাখা কলগাচিয়াত স্থাপন কৰাত আগভাগ লয় ! অসম সাহিত্য সভাৰ কলগাচিয়া অধিবেশন ১০০% সংখ্যালগু বসতি প্রধান অঞ্চলত অনুষ্ঠিত হোৱাত খালেক চাহাবৰ অবদানক কোনোৱ নুই কৰিব নোৱৰে ! এই অধিবেশনৰ দ্বাৰা বুজাই দিয়াৰ চেষ্টা কৰা হৈছিল -” অসমীয়া ভাষাৰ ভবিষ্যত এই তথাকথিত মিঞা সকলৰ হাতত, চৰ-চাপৰিবাসীয়েই জীয়াই ৰাখিব ! অসমীয়া ভাষা, চৰ-চাপৰিৰ মিঞা সকলৰ চৰ্চা অবিহনে কালৰ বুকুত হেৰাই নেযাব বুলি কোনোৱে নদি কব নোৱাৰে !”

এইখিনিতে এটা কথা উনুকিযাব বিচাৰো – এইজনেই সেই আব্দুল খালেক যিয়ে কলেজীয়া ছাত্র জীবনত প্রাক্তন আছু নেতা শংকৰ প্রসাদ ৰায়ক নির্বাচনত হৰুবাই ছাত্র একতা সভা দখল কৰিছিল ! আজিও তেখেতৰ সেই একে উদ্যম দেখা পোৱা যায় !নামনি অসমৰ এটা বলিষ্ঠ কন্ঠ , তেওঁক আপুনি বেয়া পাব পাৰে কিন্তু উলাই কৰিব নোৱাৰে। তেওঁৰ কথন শৈলীৰ সৈতে বা তেওঁৰ মতৰ সৈতে আপুনি একমত নহ’ব পাৰে কিন্তু তেওঁৰ বাকপটুতা, কৰ্মদক্ষতা, দুৰদৰ্শিতা, নিপুণতা, সংগঠক হিচাবে, নেতৃত্বক আপুনি স্বীকাৰ কৰিবই লাগিব। তেওঁক এচামে বেয়া পালেও এটা বৃহৎ চামে কিন্তু তেওঁক নিস্বাৰ্থভাৱে ভাল পায় । কাৰণ মাটিৰ সৈতে সম্পৰ্ক থকা সমস্যাৰ বিষয়ে তেওঁ অৱগত কামৰ মানুহ । তেখেত ৪৪ নং জনিয়া সমষ্টিৰ কংগ্রেছ দলৰ প্রার্থী আব্দুল খালেক চাহাব ! ব্যক্তিগত ভাবে লগ পোৱা বা টেলিভিচনৰ পর্দাত দেখা প্রতি জন ব্যাক্তিয়েই স্বীকাৰ কৰিব লাগিব !

ফখৰুদ্দিন আলি আহমেদৰ সপোন বোৰ বাস্তব কৰিব পাৰিব নে নোৱাৰে সেযা সময়ে কব !